Nikhil B. Bhattacharyya
June 22, 2013 ·
এখন চিঠিৰ ভাষাৰে
মৰমৰ
দিন মাহ কৈ
এটা
বছৰ
বাগৰি
গল
তোমাৰ
অবিহনেই
। চাই থাকোতেই বসন্ত আহিল কুলি কেতেকীয়ে মাতিলে,কপৌ ভাটৌ ফূলিল,
আৰু
এদিন
ঢোল
তালেৰে
মুখৰিত
হৈ
গুচি
গল
হেপাহৰ
বহাগ....এই বিশাল মহানগৰীৰ মাজতো নিতাল নিশা থৰ
হৈ
শুনিছো
কেতেকীৰ
হিয়া
ভগা
কান্দোন...মোৰ হৃদয়ৰ দুখটোৰ সৈতে চৰাইজনিৰ সেই কৰুন শব্দৱোৰ যেন এক
হৈ
যায় আৰু সেইবাবেই হয়তো তোমালৈ বৰকৈ মনত পৰিছে...
পুৰনি স্মৃতি বোৰ এটি এটি কৈ
মানস
পটত
ষ্পষ্ট
হৈ
পৰিছে…
সচাঁই
মই
বৰ
দাঙৰ
ভুল
কৰিছিলো
তোৰ
ওচৰত
মই
আজিহে
বুজিছো
কিমান
ভাল
পাইছিলা
তুমি
মোক, সদাই অপেক্ষা কৰি থকা তোমাক মই
প্ৰতিদিনে
নিৰাষ
কৰিছিলো…
প্ৰথমে
বুজা
নাছিলো
কিয়
আতৰি
গলা
মোৰ
পৰা, কিন্তু এতিয়া মৰ্মে মৰ্মে অনুভব কৰো মোৰ ভুল বোৰ__কৰবাত পঢ়িছিলো___ আপোনজন
ওঁচৰত থাকিলে
তেওঁৰ অভাব
অনুভব নহই,
কিন্তু যেতিয়া
আতৰি যায়
বহু দুৰলৈ তেতিয়াহে বেদনাত
দগ্ধ হব
লাগে৷
সচাঁই
আজি
সেই
কথাষাৰৰ
যথাৰ্থতা
বিচাৰি
পাইছো৷
আজিৰ
দৰেই
কেতিয়াবা
বৰ
কষ্ট
হয়
যানা:
আবেগ
বোৰ
যে
লুকুৱাই
থব
লগিয়া
হয়… ৰাতিৰ নিৰ্জনতাত মনত পৰে এৰি অহা দিন বোৰলৈ,
মৰম
অভিমান
আৰু
আবেগ
বোৰলৈ__
তোমাৰ
বাৰু
মনত
পৰেনে
; তোমাৰ
মোৰ
গুচি
আমাৰ
হবৰ
দিনৰ
পৰাই
হোৱা
অভিমান
বোৰাৰ
কথা….
আজি
কালি
খুব
দুখ
হয়
সেই
দিনটোলৈ
মনত
পৰিলে,
যিদিনা
মোৰ
মৰম
বোৰ
গচকি
সপোন
বোৰ
মোহাৰি
গুচি
গৈছিলা
বহু
দুৰলৈ…
বুজা
নুবুজাৰ
দোমোজাত
বন্দি
হই
ৰৈছিলো
মই, তুমি আতৰি যোৱাৰ পিচত অজানিতেই লাহে লাহে সলনি হৈছিল সময় ৷
ভিতৰি
ভিতৰি
খহি
পৰিছিল
আশাৰ
ঘাটৰ
সপোন
বোৰ
সকলো
আজুৰি
নিয়াৰ
পিছতো
এটা
বস্তু
ৰৈ
গৈছিল
মোৰ
কাষত
___ সেয়া
হ’ল তোমাৰ স্মৃতি যাৰ আশ্রয়ত মই
জীয়াই
আছো….
হীৰেণ ভট্টাচাৰ্য্যৰ ভাষাৰে কওঁ _
"যানো সঠিক, তেজৰ সমুদ্ৰত আছে প্ৰেমৰ দ্বিপ.
উপমাৰ নকৰো অপশয়, প্ৰেম নিৰ্জনতাৰেই প্ৰতিক৷"
সেয়ে হয়তো প্ৰথমপ্ৰেমৰ প্ৰতিশ্ৰুতিৰ দৰেই নিসংগতা মোৰ প্ৰিয়৷ ভাল নালাগে কোলাহল,সংগীত আৰু … আৰু একোৱেই ভাল নালাগে নিসংগতাৰ বাহিৰে৷ তথাপিওঁ এটা নিস্থুৰ সত্যৰ সতে দিন কটাইছো, প্ৰতিমূহুৰ্তে যিয়ে মোক মনত পেলাই দিয়ে যে তুমি নাই মোৰ কাষত...
কেতিয়াবা ভাবো কিয় এনেদৰে ভালপাওঁ তোমাক! কিয় বুজিওঁ নুবুজু যে তুমি মোৰ নহয়! কিয় ৰৈ থাকো তোমালৈ... হয়তো__
"আপোনাৰ ওচৰত যি আছে
মোৰ ওচৰত সেইবোৰ নাই বাবেই
আপোনাক ভাল পালেওঁ, আপুনি
মোক ভাল নাপাই বুলি জানিয়েই
ভালপাওঁ আপোনাক.."
অজিকালি আন্ধাৰৰ সতে মুখগুজি মানি লবলৈ বাধ্য হৈচু তুমি উপহাৰ দিয়া নিসংগতা ৷...মই আজি সকলোতে অভ্যস্ত হৈ পৰিছো ৷ভই নলগা হৈছে তুমি অবিহনে খোজ দিবলৈ, অপ্ৰিয় বোৰক মানি লবলৈ__ সকলো যেন গতানুগতিক, মই ভবাৰ দৰে তুমি মইটো বেলেগ হব নোৱাৰো... নহয় জানো? মই স্বিকাৰ কৰো প্ৰেম এনেকুৱাই উপহাৰ দিয়া নিসংগতাৰ দৰে...
সেইবোৰ মনলৈ আহিলে আজিওঁ হুমুনিয়াহ ওঁলাই আহে জাউৰিয়ে জাউৰিয়ে… মনৰ কথা সময়ত নকলে মনৰ ভিতৰতে ৰৈ যাই , অসময়ত ধুমূহা হৈ ভাগে সেউজীয়া বোৰ... তুমি আতৰি যোৱাৰ পিছৰ পৰাই চাগে কঢ়িয়াই লৈ ফুৰিছো এবুকু উদাশ... মনৰ কথাবোৰ কাৰো সতে পতা নাই… গোপন বেদনা বোৰৰ যন্ত্ৰনাই মোক আজি সচাঁকৈ বাকৰূদ্ধ কৰি পেলাইছে... সেইবোৰ আজি মোৰবাবে নুবুজা সাথৰ, যিয়ে মোক জীয়াই জীয়াই দগ্ধ কৰি পেলাইছে...
সোণ, মই দিয়া চিঠি বোৰ ৰাখিচানে সযতনে? সেইবোৰে আমনি নকৰেনে তোক? কিন্তু ৰাখিছা যানো !
বহুত দেৰিকৈ বুজিছিলো সন্দেহ/অবিশ্বাসত প্ৰেম নৰয়,প্ৰেম থাকে বিশ্বাসত… সেয়ে আজি নিলিম আকাশৰ সীমা বিছাৰি প্ৰেম গভিৰ তোমাৰ হিয়া খন ছবিৰ আচঁলত বান্ধি বিশাল আকাশৰ সতে কথা পাতিবলৈ শিকিছো,জোন-তৰা,গছ হকলোৰে লগত গঢ়ি উঠিছে মোৰ সহৃদয়তা, কেৱল তোমাৰ বাবে...
এইদৰেই তোমাৰ হাতত ধৰি বহুদুৰ আগুৱাই যোৱাৰ সপোন দেখিছিলো মই, সেই সপোন জীয়াই ৰখাৰ সপোন দেখিছিলো...
বৰ্তমান আশাৰ নাৱৰ পালতৰি দুখৰ নদীত গতিমোৰ আবিৰত…
মেটমৰা দুখৰ দাঙৰি এটা হৃদয়ত জাপি দি__ তুমিতো নুবুজা, নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ কিমান যন্ত্ৰনাত মোৰ বুকু কপে ৷ বিসন্নতাই সাজ খুলি কেতিয়াবা দুচকুত আচ্ছাদন দি ৰাতি ভাঙি ষ্পৰ্শকৰে অন্তৰ্দাহী স্পন্দন ৷ একা-বেকা পথেৰে সুৰ্য্যটো নামি গলে, কেচঁা কলিজাৰ সতে তৰাবোৰ শুই পৰিলে, মোৰো শুবলৈ মন যায় তোৰ উথন বুকুৰ গভিৰতাত… তুমি যিয়েই নাভাবা কিয়, মই তোমাকেই ভাল পাওঁ...
বুজু কোনো কাৰনতে ভবিস্যতে তুমি মোৰ হব নোৱাৰা, তথাপি মোৰ ভালপোৱাক যানো উলাই কৰিব পাৰিবা?
সচাঁ কথা এষাৰ কওঁনে?
তুমি আগতকৈ বৰ ধুনিয়া জনি হৈছা, বিদ্যা শপত;
"বহুত হ’ল কোৱা
ভুল নুবুজিবা
আচলতে কি জানা?
তোমাক ভালপাওঁ বাবেই তুমি ধুনিয়া"
No comments:
Post a Comment