৩১ ডিচেম্বৰ,২০১২
কেতিয়া জন্মহ’ল,কেতিয়া
যে গাভৰু হ’ল, যৌবন ,বিবাহ…..
আৰু আজি তই আদবয়সিয়া
তই এলাগি হৈ পৰিছিলি
নেকি মোৰ ওঁচৰত?
মলিয়ন ফটা কাপোৰ
যোৰেৰে পৰি আচ’ মৃত্যুসজ্জ্বাত…
দিঙিট লাগি ধৰা কফে
কষ্ট দিছে তোক?
উক-মুকাই উঠিচ চোন
বাৰে বাৰে;
পানী খাবি নেকি অলপ?
হাতত তুলাচনি লৈ
বহি আছো অনেক সময়
তোৰেই হিচাপ_ পোৱা
আৰু নোপোৱাৰ…
হেচা মাৰি ধৰা
স্মৃতি বোৰে যেন
এতিয়া মাৰি পেলাবহি তোক
ড’ত ড’ত বোৰ বাঢ়ি
গৈছে
অষ্পষ্ট কন্ঠত তোৰ
শেষ নোহোৱা বেবেৰিবাং
মোকো যেন এচমকা স্মৃতিয়ে
বিহ্বল কৰি তুলিছে
তোৰ দুভৰি তিয়াই
পেলাইছে চোন
মোৰ এটুপি দুটুপি
লোতকে….
No comments:
Post a Comment