Saturday, February 6, 2016

নিৰবতা নিসংগতা ইত্যাদি



তিমিৰ ফালি ওলাই অহা
দুচকুৰ নগ্নতাই
গভীৰ কৰি তোলে
তৰাং নিৰৱতা ।
নৈশব্দত নিসংগতাই
বাটভেতি নিৰ্বাসন দিয়ে
নিৰবতাক ॥
স্ফতিক পানীত
টোপ টোপ কেচাঁতেজৰ
আইৰ কোলাত
অন্তিম যাত্ৰা ।
নিমখ দিয়া বুটৰ খৰাহিত
গজালি দিয়া 
মোৰ নষ্ট সপোন ॥

মাধবীলতাৰ গোন্ধ






April 15 ,2014· 
এই নিতাল নিশাত
কৰবাত মাধবীলতা ফুলিছে,
গোন্ধটো যেন এচেৰেঙা 
ৰ'দ ৷
অস্তাচলত আজিওঁ সপ্তৰ্ষিৰ
সজল নয়নৰ পুনৰাবিত্তি,
হেৰাই যাব ধৰা মোৰ
আকাশ খনৰ সতে…

হুমুনিয়াহ



জীৱন 
আৰু
জীৱনে লৈ অহা
কিছু কৰ্মৰ সতে
মই ব্যস্ত মানুহ
আই পিতাইৰ
কপালৰ ঘাম
বিৰদৰ্পে ধংস কৰি
মই যেন সুখী হোৱাৰ
সফল অভিনেতা
সময় ফাগুন
সাবধান বানীৰে
ফুলি উঠি পলাশ মদাৰ....
কই যায় কানে কানে
এনেকে আৰু কিমান দিন!!!

Saturday, August 8, 2015

নিমিশা….১২ফেব্ৰুৱাৰি ২০১৩ যোৰহাট বৰুৱা চাৰিআলি পৰা চান্দমাৰিলৈ ০৯ মাৰ্চ ২০১৩






আজি কালি বহু চেষ্টা কৰিওঁ
চকুলু এটোপাল নোলাই__
তেওঁক দিয়া কথা ৰাখিচো,
“নাকান্দো আৰু কোনো দিন”
অথচ
সৌ সিদিনালৈ
চকুলুৱে খেদি ফুৰিছিল মোক…

কলেজৰ কেন্টিন অথবা
বাথৰূমত উচুপি উঠুতে
সহপাঠিয়ে দাত নিকতাই হাহিছিল…
চিগাৰেটৰ ধোৱাই
কুণ্ডলি পকাই উৰুৱাই নিচিল
মোৰ সমষ্ট সত্তা….
তাৰপিছৰ কিছুদিন
মই মোক হেৰুৱালো…
ক’ত আছিলো নিজেই নাজানিলো…
কাৰোবাৰ নিস্থা আৰু ভালপোৱাই
পুনৰ জনম দিলে মোক…
আৰু এতিয়া অকলশৰে এৰি
মোৰ সপোনপৰি অহাবাতে
উভতি গ’ল….
আস্থা হীনতাৰ বন্ধ কোথাত
নিশব্দে পৰি ৰলো মই…

এতিয়াওঁ চৰাই হ’ব খোজে
মোৰ মন;
ভগা দেউকাৰে মুক্ত আকাশত উৰাৰ

মিচাঁ আৰু ব্যৰ্থ চেষ্টাত….