Sunday, July 26, 2015

31Dec,2012

৩১ ডিচেম্বৰ,২০১২

কেতিয়া জন্মহ’ল,কেতিয়া যে গাভৰু হ’ল, যৌবন ,বিবাহ…..
 আৰু আজি তই আদবয়সিয়া
তই এলাগি হৈ পৰিছিলি নেকি মোৰ ওঁচৰত?
মলিয়ন ফটা কাপোৰ যোৰেৰে পৰি আচ’ মৃত্যুসজ্জ্বাত…
দিঙিট লাগি ধৰা কফে কষ্ট দিছে তোক?
উক-মুকাই উঠিচ চোন বাৰে বাৰে;
পানী খাবি নেকি অলপ?

হাতত তুলাচনি লৈ বহি আছো অনেক সময়
তোৰেই হিচাপ_ পোৱা আৰু নোপোৱাৰ…
হেচা মাৰি ধৰা
স্মৃতি বোৰে যেন এতিয়া মাৰি পেলাবহি তোক
ড’ত ড’ত বোৰ বাঢ়ি গৈছে
অষ্পষ্ট কন্ঠত তোৰ শেষ নোহোৱা বেবেৰিবাং
মোকো যেন এচমকা স্মৃতিয়ে বিহ্বল কৰি তুলিছে
তোৰ দুভৰি তিয়াই পেলাইছে চোন
মোৰ এটুপি দুটুপি লোতকে….

Wednesday, July 22, 2015

অভিমানৰ দিনপঞ্জী

অভিমানৰ দিনপঞ্জী
                            ২৬ আগষ্ট ২০১৩/ প্ৰাত: - ৬:৫৪
যোৱাৰাতিৰ কেচা তেজৰ উৎকট গোন্ধটোৱে
আজি পুৱাতেই জগালেহি…
কাৰোবাৰ অভিমানে যে  কেতিয়াবা
জীৱন্তে জলাই মাৰিব পাৰে
যোৱাৰাতি বুজিলো…
জীৱনৰ তেইচটা বসন্ত
যোৱাৰাতি উটিগ’ল
এদোঙা অভিমানি তেজৰ বুকুত
হেৰাই গ’ল নতুন ৰুটিন
হেৰাই থাকিল দিনপঞ্জী
তুমি আকৌ এটোপাল প্ৰেৰণা শিক্ত তেজ দিয়া
যিটোপাল তেজত লুকাই থাকে মোৰ অনাগত ভবিষ্যত…
হেঙুলিয়া মনত ৰেং দিয়কহি
অস্তগামি সুৰুযে…
সনপৰা বুকুৰ বাকৰিত
মুখল-ধাৰে আহক
তোৰ খিল খিল হাইৰ বৰষুণ,
গজি উঠক আকৌ
সপোনৰঙী সেউজিয়াৰ

দলডোপ আস্থাৰ কঠিয়া... 

Monday, July 20, 2015

অৰ্থহীন (১)

   



পোৱো নোপোৱাৰ আলি দোমোজাত
পৰি আছো অনেক দিন…

টুপনি অহা নাই
খাবলৈও মন নাই
না চবি না কবিতা
অথবা লিখা হোৱা নাই
নীলা খামৰ চিঠি ৷

প্ৰেমটো পৰা নাই
দুখুটো নাই মোৰ ;

অনাহকত বাঢ়ি অহা
অনিচ্ছা, আনিহা, নিৰবতা, নিসংগতা
অৰু কিছু হুমুনিয়াহে
ভবাই তুলিছে নিজান ৰাতি…
বাহিৰত ফৰিংফুটা জোনাক
অথচ এবাৰো ওলাই যাব মন যোৱা নাই…
ভেকুলিৰ টোৰটোৰনি,
অর্হনিশে বাজি থকা জিলিৰ মাত
আৰু দুৰৈৰ কৰবাৰ পৰা ভাহি অহা
শিয়ালৰ হোৱা
…
বাকি সকলো নিমাওমাও
…
জাপ নোখোৱা চকূহালিত
এক অৰ্থহীন অৱষাদ
আৰু মনত এচপৰা মেঘ…